ARTANAD,By(Abu Taleb)
₹170.00
সৰ্বহাৰা, বেদনা কাব্য গ্ৰন্থ ৰ পিছতে এই বেলি কাব্য প্ৰাণ সতীৰ্থ কবি সাহিত্যিকৰ লগতে জগণৰ আগত মোৰ তৃতীয় কাব্যগ্ৰন্থ আৰ্তনাদ প্ৰকাশ ৰ যো-জা কৰিছো । দেশৰ তথা বিশ্বৰ সৰ্বহাৰা মজলুম জনতাৰ দুখ দুৰ্দশা,অভাৱ অভিযোগ, চৰকাৰৰ উদাসীনতা, উন্নয়নৰ প্ৰতি পিঠি দি দেশত মছজিদ -মন্দিৰ, আৰু হিন্দু – মুছলমান ৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়োপাই দেশৰ আভ্যন্তৰীণ গণতান্ত্ৰিক সু-ব্যৱস্থা ক ধুলিসাৎ কৰাই নহয়, দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ সংবিধানক উপলুঙা কৰাৰ কাৰ্যৰ আৰু দেশ খনক হিন্দু ৰাষ্ট্ৰত পৰিণত কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কবিতা লিপিবদ্ধ কৰা হৈছে। কেৱলমাত্ৰ সেয়াই নহয়, প্ৰকৃতিৰ নদ নদী পাহাৰ পৰ্বতৰ লগতে গছ গছনিৰ সংৰক্ষণ আৰু বৃক্ষৰোপণ ৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। পুঁজিবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে জনমত গঠনৰ পোষকতা কৰা হৈছে আৰু যুদ্ধৰ ভয়াবহতাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ, আমেৰিকা সহ নাটো দেশৰ দ্বাৰা ৰাছিয়াৰ বিৰূদ্ধে ইউক্ৰেইনক মাৰণাস্ত্ৰ, মিছাইল,বম গোলা- বাৰুদৰ যোগান ধৰাৰ মাজেদি তেওঁলোকৰ পুঁজিবাদী চিন্তা ধাৰাৰ এক জীৱন্ত প্ৰতিচ্ছবি ফুটাই তোলাৰ যোগেদি তৃতীয় বিশ্ব যুদ্ধৰ জয়ডঙ্কা বজোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ভালে কেই খন কবিতা অসমীয়া আৰু ইংৰাজী ভাষাত অনুবাদ কৰাৰ দু:সাহস কৰিছো যদিও ভুল ত্ৰুটি মাৰ্জনা বিছাৰিছো।
- Publisher : Booksclinic Publishing
- Language : Bengali
- ISBN-13 : 9789355358035
- Reading Age : 3 Years And Up
- Country Of Origin : India
- Generic Name : Book
100 in stock (can be backordered)
Additional information
Dimensions | 5 × 8 cm |
---|
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.